ফিডেল কাস্ত্রোৰ ১
ফিডেল কাস্ত্রোৰ ১৯২৬-২০১৬
ফিডেল কাস্ত্রোৰ জন্ম হৈ ১৯২৬ চনৰ আগষ্ট মাহৰ
১৩ তাৰিখে । দেউতাকৰ নাম
এঞ্জেল কাস্ত্রো
ৱাই আৰগীঝ তেখেত আহিছিল গালিছীয়া উত্তৰ পশ্চিম স্পেইনৰ পৰা কিউবাৰ লৈ । তেখেতে কুঁহিয়াৰ খেতি কৰিছিল ‘’লাস মানকাচ ফাৰ্মত’’ ‘’বিৰান
ওৰিয়েন্ত প্ৰদেশত’’ আৰু আৰ্থিক ভাবে সবল বৈছিল । তেখেতৰ প্ৰথম বিবাহৰ বিফলতাৰ পাছত,
তেখেতৰ ঘৰতে কৰ্মৰত স্পেইন মূলৰ লিনা ৰুজ গঞ্জালেজেৰ লগত দ্বিতীয় বিবাহ কৰে । দ্বিতীয়
পত্নীৰ ফালৰ পৰা সাতজন সন্তানৰ জন্ম হৈ ফিডেল কাস্ত্রোৰ তাৰে মাজৰ এজন । ছয় বছৰ
বয়সত ফিডেল কাস্ত্রোক শিক্ষাৰ বাবে শিক্ষকৰ ঘৰত থাকিবলৈ পঠায় সান্তিয়াগো দে কিউবা
নামৰ ঠাইত ৰোমান ক্যাথলিক চাৰ্চ বাপ্তিস্ম হোৱাৰ আগে আগে আঠ বছৰ বয়সত । ফিডেল
কাস্ত্রো খ্রিষ্টধর্মত দীক্ষিত হয় সান্টিয়াগো লা বোর্ডিং স্কুলত যাব ধৰে য’ত তেখেতে স্কুলৰ নিয়ম ভঙ্গ কৰে । ইয়াৰ
পাছত তেখেতক যিশুখ্রিষ্ট সংঘৰ দ্বাৰা পৰিচালিত সান্টিয়াগো ডলোৰেস স্কুলত নাম লেখাই দিয়ে ।
১৯৪৫ চনত তেখেতক যিশুখ্রিষ্ট সংঘৰ দ্বাৰা পৰিচালিত মর্যাদাপূর্ণ “এল কলেজীযও দে বেলেন, হাভানা ” লৈ বদলি কৰে । তেখেতেৰ বুৰঞ্জী আৰু
ভূগোলত ৰুচি আছিল লগতে খেল আৰু তৰ্কতো ভাগ লৈছিল ।
১৯৪৫ চনত তেখেতে হাভানা বিশ্ববিদ্যালয়ৰ অধীনত
আইনগত শিক্ষা আৰম্ভ কৰে । অপৰিপক্ক ভাবে
তাতে তেখেতে ছাত্ৰ ৰাজনীতিৰ নগত জৰিত হৈ পৰে আৰু বিশ্ববিদ্যালয়ত হিংস্ৰ দলীয় পৰম্পৰা আৰম্ভ কৰে ।
সাম্ৰাজ্যবাদ আৰু ক্যাৰিবীয়ান অঞ্চলত মাৰ্কিন যুক্তৰাষ্ট্ৰ হস্তক্ষেপ সম্পৰ্কে
প্ৰতিবাদত তেখেত উত্সাহী আছিল । তেখেতে "সততা, শালীনতা আৰু ন্যায়বিচাৰ মতাদৰ্শত
বিশ্ববিদ্যালয়ৰ ষ্টুডেন্টচ ফেডাৰেচনৰে পতাকাৰ তলত প্ৰেছিডেন্ট পদৰ বাবে প্ৰচাৰ
কৰিছিল কিন্তু অসফল হৈছিল । কাস্ত্রো, প্ৰেছিডেন্ট ৰামোন-গ্রু চৰকাৰৰ দুৰ্নীতি
আৰু হিংসাৰ ব্যাপক সমালোচনা কৰে । এই উদ্দেশ্যই ১৯৪৬ চনত দিয়া তেখেতৰ ভাষণ সেই
সময়ৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা দখল কৰিছিল ।
১৯৪৭ চনত, কাস্ত্রো কিউবাৰ জনগণ (পার্টি Ortodoxo), প্ৰবীণ ৰাজনীতিবিদ
এডুয়ার্ডো চিবাচ দ্বাৰা
প্ৰতিষ্ঠিত পাৰ্টিত যোগ দিয়ে. এটা সহজাত পৰিচয় লৈ । চিবাচ, সামাজিক ন্যায়বিচাৰ, সৎ চৰকাৰৰ আৰু ৰাজনৈতিক স্বাধীনতাৰ পক্ষে মত কিন্তু
তেওঁৰ দলৰ দাবি দুৰ্নীতিৰ উন্মুক্ত আৰু সংস্কাৰৰ । যদিও চিবাচে নিৰ্বাচনত হাৰে আৰু কাস্ত্রোই তেখেতৰ পক্ষে কাম কৰাৰ উদ্দেশ্য অঙ্গীকাৰ
বদ্ধ হয় । গ্রু সংগঠন কৰ্মীৰ পৰা যেতিয়া পুলিচ বিষয়া হিচাপে নিৰ্বাচিত হয় তেতিয়া
ছাত্ৰ হিংসা বৃদ্ধি হব ধৰে, আৰু কাস্ত্রো শীঘ্ৰেই হত্যাৰ ভাবুকি পাই আৰু তেখেতক বিশ্ববিদ্যালয়
এৰি যাবলৈ অনুৰোধ কৰে । তেখেতে এই অনুৰোধ প্ৰত্যাখান কৰে আৰু তেখেতে লগত বন্দুক
ৰাখিব ধৰে আৰু তেখেত সশস্ত্ৰ বন্ধুৰ পৰিবেষ্টনৰ মাজত থাকিব ধৰে । পৰবৰ্তী বছৰত কাস্ত্রো
বিৰোধী ভিন্নমতাবলম্বী সদস্যই কাস্ত্ৰোক সেই সময়ৰ গ্যাং- সংক্ৰান্ত হত্যাৰ লগত জৰিত
থকাৰ অভিযোগত অভিযুক্ত কৰে, কিন্তু এই অভিযোগত প্ৰমাণৰ অভাবত
তেখেতক দোষী সাব্যস্ত কৰিব নোৱাৰিলে ।
বিদ্ৰোহ আৰু মাৰ্ক্সবাদী ১৯৪৭-৫০
জুন ১৯৪৭ চনত কাস্ত্রোই ডোমিনিকান গণৰাজ্যত, ৰাফায়েল ত্রুহিলো, এটি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিত্ৰ দক্ষীনপন্থী সামৰিক ঘাটিৰ উৎখাতৰ বাবে
অভিযানৰ পৰিকল্পনা শিকে । ডমিনিকান গণৰাজ্যৰ লোকতন্ত্ৰৰ আৰু বিশ্ববিদ্যালয় কমিটিৰ
সভাপতি বাবে কাস্ত্রো অভিযানত যোগদান দিয়ে । সামৰিক বাহিনীত প্ৰায় ১,২০০ সৈন্য, বেছিভাগ কিউবান আৰু নিৰ্বাসিত ডোমিনিকান দ্বাৰা
গঠিত আছিল,
আৰু তেওঁলোক জুলাই ১৯৪৭ চনত কিউবা পৰা জাহাজসমূহত যাত্ৰা কৰে । তেতিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চাপত, গ্ৰোৰছ চৰকাৰে এই আক্ৰমণ বন্ধ কৰে, লগতে কাস্ত্রো আৰু তেওঁৰ কমৰেডৰ অনেকক কৌশলেৰে
গ্ৰেপ্তাৰ কৰে । তেখেতে তেতিয়া হাভানালৈ প্ৰত্যাবৰ্তন কৰে, আৰু চৰকাৰৰ দেহৰক্ষীৰ
দ্বাৰা ছাত্ৰ এজনৰ হত্যাৰ বিক্ষোভত এজন মুখ্য নেতা হিচাপে অংশগ্ৰহণ কৰে । ফেব্ৰুৱাৰী
১৯৪৮ চনত কমিউনিষ্ট সকলৰ বিৰুদ্ধে এক অভিযানত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা
সংঘৰ্ষত কাস্ত্রোই গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় । এই মুহুৰ্ততে তেখেতৰ বক্তৃতা
সমূহত কিউবাৰ সামাজিক আৰু অৰ্থনৈতিক বৈষম্য নিন্দাৰ দ্বাৰা এটি স্বতন্ত্র্র
বামপন্থী বিচাৰ-ধাৰাৰ ঢল প্ৰবাহিত হয় । ইয়াৰ বিপৰীতে, তেখেতৰ আগৰ ৰাজহুৱা সমালোচনাত দুৰ্নীতি
আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সাম্ৰাজ্যবাদৰ বিৰোধত আছিল ।
প্ৰেছিডেন্ট “জুয়ান পেৰনৰ” আৰ্জেন্টিনা চৰকাৰৰ পৃষ্ঠপোষকতাত এটি
কিউবান ছাত্ৰ দলৰ লগত এপ্ৰিল ১৯৪৮ চনত,
কাস্ত্রো
বোগোতা, কলম্বিয়ালৈ
যাত্ৰা কৰে । তাতে জনপ্ৰিয়় বামপন্থী নেতা জর্জ এলিষাৰ গেইটান আয়ালা হত্যাকাণ্ডৰ ব্যাপক হিংসা আৰু গভর্নিং আৰু কনচাৰভেটিভচ মাজত সংঘৰ্ষ
আৰু বামপন্থী লিবাৰেল - সেনা সমৰ্থিত আন্দোলনত নেতৃত্বে দিয়ে । কাস্ত্রো এটি আৰক্ষীছকিৰ
পৰা বন্দুক চুৰ কৰে উদাৰনীতিক আন্দোলনত যোগদান বাবে । কিন্তু পৰবৰ্তী পুলিছৰ তদন্তত
পৰ্যবসিত হয় যে তেখেতে কোনো হত্যাকাণ্ডে জৰিত হোৱা নাছিল । কিউবালৈ উভতি গৈ
কাস্ত্রোই চৰকাৰৰ বাচ ভাৰাৰ বৃদ্ধিৰ বিৰুদ্ধে এটি বিশিষ্ট ব্যক্তি হিচাপে
প্ৰতিবাদত ভাগ লৈ । সেই বছৰতে তেখেতে মিৰতা ডিয়াজ বালাৰতৰ লগত বিবাহ পাশত আবদ্ধ হয়, এটি ধনী পৰিয়ালৰ ছোৱালি , যাৰ দ্বাৰা তেওঁ কিউবাৰ অভিজাত জীৱনধাৰাৰ
লগত পৰিচয় হৈছিল । তেখেত সকলোৰ সম্পৰ্ক প্ৰেম বিবাহ আছিল আৰু দুয়োখন ঘৰৰ দ্বাৰা
অনুমোদিত । মিৰতা ডিয়াজ বালাৰতৰ দেউতাকে বহু টকা খৰচ কৰি দুয়োকে নিউ ইয়ৰ্ক চহৰত মধুচন্দ্ৰিকাৰ
বাবে পঠায় ।
Comments
Post a Comment