ফিডেল কাস্ত্রোৰ ২

 ফিডেল কাস্ত্রোৰ ২

সেই বছৰতেগ্রুোই পুনঃনির্বাচনতনোযোৱাৰ সিদ্ধান্তত, অএটেনতিকোৰ পাৰ্টিৰ নতুন প্ৰাৰ্থী কার্লোস প্ৰিয়ও চকাৰাচ  জয়ী হৈছিল । প্ৰিয়ও  ব্যাপক বিক্ষোভোৰ মুখামুখি হৈছিল যেতিয়া MSR  সদস্য যাষ্টো  ফুয়েন্তেসক পুলিচ বাহিনীৰ দ্বাৰা হত্যা কৰা হৈছিল,  যাষ্টো ফুয়েন্তেসক, কাস্ত্রোৰ এজন সমাজিক বন্ধু আছিল । সেই বিক্ষোভৰ প্রতিক্রিয়াত প্ৰিয়ওই উদণ্ড বাহিনীক দমন কৰাৰ বাবে প্ৰতিজ্ঞা বদ্ধ হৈ,  কিন্তু তেখেতে খুব শক্তিশালী অনুভব কৰে । কাস্ত্রো বামপন্থী বিচাৰ ধাৰাৰ প্ৰতি আকৰ্ষিত হৈ তেখেতক এই ক্ষেত্ৰত সহায় কৰিছিল কাৰ্ল মাৰ্ক্সৰ মার্ক্সিস্ট,  ,  ফ্ৰেডৰিক এঙ্গেলস আৰু ভ্লাডিমিৰ লেনিন, মাৰ্ক্সবাদী লেখনীৰ দ্বাৰা কাস্ত্রো প্ৰভাৱিত হয় । তেখেত,  পুঁজিবাদী সমাজৰ এটি অবিচ্ছেদ্য আৰু বুর্জোৱা একনায়কত্ববাদ" অংশ হিছাপে কিউবাৰ সমস্যা ব্যাখ্যা কৰে বৰং দুৰ্নীতিৰাজ ৰাজনীতিকৰ ব্যৰ্থতাতকৈ । মার্কসবাদী আদৰ্শ একমাত্ৰ আদৰ্শ, যাৰ দ্বাৰা সৰ্বহাৰাৰ বিপ্লব আৰু অৰ্থপূৰ্ণ ৰাজনৈতিক পৰিবৰ্তন সঙ্ঘটিত হব পাৰে । হাভানাৰ দৰিদ্ৰতম এলাকা অঞ্চল পৰিদৰ্শন কৰি, তেওঁ ছাত্ৰৰ বৰ্ণবাদী আন্দোলনত সক্রিয়় হই উঠে ।
ছেপ্টেম্বৰ ১৯৪৯ চনত, মিত্ৰাই  এটি লৰা সন্তান, ফিডেলিতক  জন্ম দিয়ে তেতিয়া দম্পতীহাল হাভানাৰ এটি বৃহত্তম ফ্লেটলৈ যায় । ক্যাস্ট্রো নিজক বিপদাশঙ্কাৰ মাজত ৰাখিছিল কাৰণ তেখেতে ৰাজনৈতিক জীৱনত সক্রিয়় ভূমিকা গ্ৰহণ কৰিছিল, আৰু ৩০-ছেপ্টেম্বৰ আন্দোলনত যোগদান কৰিছিল, য’ত উভয়় কমিউনিস্ট আৰু পাৰ্টি Ortodoxo  সদস্য জৰিত আছিল । দলৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ ভিতৰত হিংসাত্মক গুণ্ডা বাহিনী প্ৰভাবৰ বিৰোধিতা কৰা; প্ৰিয়ওৰ প্ৰতিশ্ৰুতি সত্ত্বেও,  প্ৰিয়ওই  পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল, প্ৰিয়ওই গুণ্ডা বাহিনীৰ বহু জ্যেষ্ঠ সদস্যক চৰকাৰৰ মন্ত্ৰণালয়ত চাকৰিৰ প্ৰস্তাৱ দিছিল কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল । কাস্ত্রোই ১৩ নবেম্বৰৰ আন্দোলনত দিয়া ভাষণত তেখেতে চৰকাৰ আৰু গুণ্ডা বাহিনী আৰু চৰকাৰৰ গোপন অভিসন্ধিৰ কথা ব্যক্ত কৰে । ১৩ নবেম্বৰৰ আন্দোলনত দিয়া ভাষণত ৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ মনোযোগ আকৰ্ষণ কৰে । তেখেতৰ ভাষণত গুণ্ডা বাহিনী ক্ষুব্ধ হয়, আৰু কাস্ত্রো পলাই গৈ প্ৰথমে গ্ৰামাঞ্চলত আৰু তাৰ পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰত আত্মগোপন কৰে । কেই সপ্তাহ মানৰ পাছত কাস্ত্রোই হাভানাৰলৈ উভতি আহে । তেখেতে অলপ লাঞ্ছিত অনুভব কৰি বিশ্ববিদ্যালয়ৰ গবেষণাত মনোনিবেশ কৰে । ছেপ্টেম্বৰ ১৯৫০ চনত আইনত ডক্টৰেত অব  হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে ।

আইনজ্ঞ হিচাপে তেখেতৰ কৰ্মজীৱন ১৯৫০-৫২

কাস্ত্রোই আইনত স্নাতক ডিগ্ৰী লাভ কৰি আইনী অংশীদাৰিত্বত এখন ফাৰ্মত কাম কৰে, এই ফাৰ্ম খনে দৰিদ্ৰ কিউবানৰ বাবে খাদ্যৰ যোগান ধৰিছিল, এই কামত তেখেত বিফল হৈ । তেখেতৰ এনে অৱস্থা পাইছিল যে তেখেতে নিজৰ বিল বোৰ দিবলৈ ব্যৰ্থ হৈছিল, তেখেতৰ ঘৰুৱা সামগ্ৰী নিলামত দিব লগাত পৰিছিল, বিদ্যুত কৰ্তন কৰিছিল, তেখেতৰ পত্নী এই ঘটনাত বিমৰ্ষ হৈছিল । নবেম্বৰে ১৯৫০ চনত তেওঁ চিয়েনফুএগচ ঠাইত এখন হাই স্কুলৰ প্ৰতিবাদত অংশ লয়,  ছাত্ৰ সমিতিক উপৰত শিক্ষামন্ত্ৰীৰ মন্ত্রণালয়ে নিষেধাজ্ঞা জাৰি কৰে । প্ৰতিবাদকাৰী আৰু পুলিচৰ মাজত সংঘৰ্ষ হয় আৰু আইন উলংঘাৰ নামত তেখেতক গ্ৰেফতাৰ কৰে, কিন্তু ম্যাজিস্ট্রেটে সেই অভিযোগে খাৰিজ কৰে । কিউবাৰ প্ৰতি তেখেতৰ আশা এটিয়াও চিবাচ আৰু অৰ্তদস্ক পাৰ্টি কেন্দ্ৰিক আছিল,  আৰু তেখেত ১৯৫১ চনত চিবাচৰ 'ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আত্মহত্যা উপস্থিত আছিল । নিজক চিবাচৰ' উত্তৰাধিকাৰী হিচাপে ভাবে,  জুন ১৯৫২ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ হই কাস্ত্রোই প্ৰচাৰ চলাব বিচাৰিলে, যদিও জ্যেষ্ঠ অৰ্তদস্ক  সদস্যই তেখেতৰ এই পৰিৱৰ্ত্তনত তেখেতৰ খ্যাতি হেৰুৱাৰ ভয় কৰিছিল, আৰু তেখেতক মনোনীত কৰাৰ বাবে অস্বীকাৰ কৰে । তথাপিও তেখেত হাভানা দৰিদ্ৰতম জিলাৰ দলীয় সদস্যৰ ৰুপত লোকসভাৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত হৈছিল, আৰু তেখেতে প্ৰচাৰ অভিযান আৰম্ভ কৰে আৰু অৰ্তদস্ক পাৰ্টিয়ে তেখেতক সমৰ্থন কৰে । তেখেতৰ প্ৰচাৰৰ সময়ত কাস্ত্রোই সাক্ষাত পাই, জেনেৰেল ফুলজেন্সিও বাতিস্তা,  প্ৰাক্তন ৰাষ্ট্ৰপতি যিয়ে ৰাজনীতিৰলৈ আহে ইউনেতাৰি একচন পাৰ্টিৰ লগত । উভয়ৰে আলোচনাৰ বিষয় আছিল প্ৰিয়ওৰ  প্ৰশাসনৰ বিফলতা আৰু বিৰোধিতা, তেখেতসকলৰ সাক্ষাত্কাৰ ভৱদীয় আৰু মাৰ্জিত আছিল । মাৰ্চ ১৯৫২ চনত বাতিস্তাই সামৰিকৰ ক্ষমতা বাতিল কৰে, আৰু প্ৰিয়ওই  মেক্সিকোত পলাই যোৱাৰ লগে লগে বাতিস্তাই নিজকে ৰাষ্ট্ৰপতি ঘোষণা কৰে । বাতিস্তাই ৰাষ্ট্ৰপতি নিৰ্বাচন বাতিল কৰে, আৰু নিজৰ নিয়ম গণতন্ত্ৰ নিয়মানুৱৰ্তী বৰ্ণনা কৰে, কাস্ত্রোৰ, লগতে আন বহুতে মত দিয়ে যেএই এটি একনায়কত্ববাদ বুলি বিবেচিত হৈছে । বাতিস্তাই ঠিক ৰাস্তাত যাবৰ বাবে, তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু অভিজাত পৰিয়ালৰ লগত সুষ্ঠ সম্বন্ধৰ স্থাপন কৰে ছোভিয়েত ইউনিয়নৰ লগত কূটনৈতিক সম্পৰ্ক কৰে আৰু,  ট্রেড ইউনিয়ন, কিউবাৰ সমাজতান্ত্ৰিক দল সমূহক দমন আৰু উতপীড়ন কৰে । বাতিস্তাৰ কৰ্মৰ উপৰত প্ৰতিবাদ কৰাৰ অভিপ্ৰায়়ৰ উদ্দেশ্য কাস্ত্রো চৰকাৰৰ বিৰুদ্ধে বিভিন্ন আইনী গোছৰ তৰে কিন্তু এই বিলাকে বিশেষ কোনো কাম নিদিলে, কাস্ত্রোই বিকল্প উপায়় বিচাৰিব ধৰিলে বাতিস্তাৰ শাসনক উচ্ছেদ কৰাৰ বাবে ।

আন্দোলন আৰু মনকাডা সেনাৰ ছাউনীত আক্ৰমণ : ১৯৫২-১৯৫৩


কাস্ত্রোই এটা সংগঠন গঠন কৰে নাম দা মোভমেন্ট, যাৰ নিয়ন্ত্ৰণ গুপ্তভাবে তেখেতে কৰিছিল লগতে গুপ্ত ভাবে এখন বাতৰি কাকত প্ৰকাশ কৰে নাম এল একিউজাৰ । বাতিস্তাৰ বিৰোধে অস্ত্রশস্ত্র প্ৰশিক্ষণৰ লগতে সদস্যভুক্ত কৰিছিল । জুলাই ১৯৫২ চনত তেখেতে সদস্যভুক্তীৰ মহিম চলাই, এক বছৰৰ ভিতৰত হাভানাৰ দৰিদ্ৰ অঞ্চলৰ পৰা প্ৰায় ১২০০ সদস্য সংগ্ৰহ কৰিব পাৰে । যদিও তেখেতৰ সংগঠন বিপ্লবী সমাজতান্ত্ৰিক, কাস্ত্রোই কমিউনিষ্ট পিএসপি দলৰ লগত জোঁটবান্ধন এৰাই চলে কিন্তু তেখেতৰ ভায়েক পিএছপি নেতা ৰাউল লগত যোগাযোগ অব্যাহত ৰাখে । কাস্ত্রোই সান্তিয়াগো দে কিউবাওৰিয়েন্ট অঞ্চলত থকা. মনকাডা সেনাৰ ছাউনীত আক্ৰমণৰ বাবে পৰিকল্পনা কৰে আৰু সেই উদ্দেশ্য তেখেতে অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰি অস্ত্ৰভান্দাৰ গঢ়ে । ক্যাস্ট্রোৰ জাঙ্গি সংগঠনে সেনাবাহিনীৰ ইউনিফৰ্ম পিন্ধে আৰু ২৫ জুলাইত অস্ত্ৰাগাৰ অধিগ্ৰহণ আৰু নিয়ন্ত্রণৰ  বাবে অভিযান চৰকাৰৰ অস্ত্ৰভান্দাৰ অভিমুখে আগুৱাই । নতুন অস্ত্ৰ শস্ত্ৰৰে তেখেতে দৰিদ্ৰ জনগণৰ মাজত এটা নতুন বিপ্লব আৰম্ভ কৰে । ক্যাস্ট্রোৰ পৰিকল্পনা ১৯  শতিকাৰ কিউবাৰ মুক্তি বাহিনীয়ে যিয়ে স্প্যানিশ সেনাৰ ছাউনিত আক্ৰমণ কৰিছিল তেখেত সকলক অনুকৰণ কৰা আৰু  কাস্ত্রোই নিজকে স্বাধীনতা সংগ্ৰামৰ নেতা যোস মার্তিৰ উত্তৰাধিকাৰী হিচাপে নিজকে ভাবিব ধৰে । কাস্ত্রোই এটা অভিযানৰ বাবে ১৬৫ জন সংগ্ৰামীক লগ-লগাই তেওঁলোকক আদেশ দিয়ে যে যেতিয়ালৈ তেওঁলোকে অস্ত্ৰৰ বাধা নাপাই তেতিয়ালৈ যাতে তেওঁলোকে ৰক্তপাতৰ পৰা বিৰত থাকে । এই আক্ৰমণ সংঘটিত হৈ ২৬ জুলাইত ১৯৫৩ চনত, এই অভিযানত তেওঁলোকে প্ৰথমে বাধাৰ সন্মুখীন হয়, ১৬ খন গাড়িৰ ৩ খন বেয়া হয় । সান্তিয়াগো সেনাৰ ছাউনি পোৱাত ছাউনিত বিপদ ঘন্টা বাজিব ধৰে, আৰু সেনাই কাস্ত্রো বাহিনীৰ উপৰত আক্ৰমণ কৰে, কাস্ত্রোই তেখেতৰ বাহিনীক উভতাৰ আদেশ দিয়াৰ আগতে সেনাই ৪ জন কাস্ত্রো বাহিনীৰ সদস্যক হত্যা কৰে । এই আক্ৰমণত বিদ্ৰোহী বাহিনীৰ ৬ জন নিহত হৈ ১৫ জন আহত হৈ আৰু সেনাৰ ১৯ জন নিহত আৰু ২৭ আহত হৈ । ইয়াৰে কিছুমানক অসামৰিক হাস্পতালত ভৰ্তি কৰে আৰু ইপিনে সেনাই বিদ্ৰোহীবোৰক ঘেৰি ধৰি নৃশংস ভাবে ২২ জনক বিনা বিছাৰে হত্যা কৰে । ইয়াৰ পাছত কাস্ত্রোই ১৯ জন সঙ্গীৰ লগত কষ্ট কৰি উত্তৰে পাহাৰৰ মাজত থকা তেখেতক আইতাকৰ ঘৰত যায় ষ তাতে তেখেতে এটা গেৰিলা বাহিনী গঠন কৰে । আক্ৰমণৰ জবাবত বাতিস্তাৰ চৰকাৰে সামৰিক আইন ঘোষণা কৰে আৰু কঠোৰ মিডিয়া সেন্সৰশীপ প্ৰয়োগ কৰে । চৰকাৰে ঘটনা সম্পৰ্কে ভুল তথ্য সম্প্ৰচাৰ কৰে, দাবি কৰে যে বিদ্ৰোহী কমিউনিষ্ট সকলে হাস্পতালৰ ৰোগীক হত্যা কৰে । যদিও ওৰিয়েন্তৰ  নিৰ্যাতন আৰু সেনাবাহিনীৰ নৃশংস হত্যাকাণ্ডৰ ফটোগ্ৰাফ শীঘ্ৰেই চাৰিওপিনে  ব্যাপক ভাবে বিয়পি পৰে ।

Comments

Popular posts from this blog

সমাজবাদ অৰ্থনৈতি আৰু সাম্যবাদ বা কমিউনিজম অৰ্থনীতি

চাওলুং চুকাফা

নক্সাল আৰু নক্সালবাৰী