চাওলুং চুকাফা
চাওলুং চুকাফা (ৰাজত্বকাল: ১২২৮-১২৬৮) মধ্যযুগীয় অসমৰ প্ৰথম আহোম ৰজা আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক। মং মাও ৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত শিৱসাগৰ জিলাৰ চৰাইদেউতত স্থায়ীকৈ ৰাজধানী পাতে৷ চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬০০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে৷ এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব৷ এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং (চাও: ঈশ্বৰ , লুং: মহান) ব্যৱহাৰ হ'বলৈ ধৰে।
জীৱনবৃত্ত
মং মাওত থকাৰ সময়
আহোমসকল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত
দক্ষিণ-পূব-এছিয়াৰ বৃহৎ জাতিৰ এটা শাখা৷ খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে টাই
যুৱৰাজ পি-লকুৱে ছখন ক্ষুদ্ৰ ৰাজ্য জয় কৰি একত্ৰিত কৰে৷ ফলত টাই ৰাজ্য নানাচাও
বৃহৎ সাম্ৰাজ্যত পৰিণত হয়৷ এই সাম্ৰাজ্যৰ পৰিধি ভাৰতৰ মগধ পৰ্যন্ত বিস্তৃত আছিল৷
লগতে ব্ৰহ্মদেশৰ উত্তৰ ভাগ আৰু অসমৰ কিছু অংশত এই সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল৷ এই
সাম্ৰাজ্য কালক্ৰমত ভাগি পুনগঠিত হৈ মুঙ-ৰি-মুং-ৰামৰাজ্যত পৰিণত হয়৷ চীনদেশৰ
য়ুন্নান প্ৰদেশৰ দক্ষিণ-পশ্চিমৰ কিছু অংশ, ওপৰৰ ব্ৰহ্মদেশ
আৰু থাইলেণ্ডৰ কিছু অংশ সামৰি এই ৰাজ্য গঠিত হৈছিল৷ পূৰ্বতে এই ঠাই জনশূন্য আছিল৷
এই জনশূন্য ঠাইলৈ প্ৰব্ৰজন কৰি অহা টাই মংগোলীয়সকলৰ নায়ক আছিল খুনলুং আৰু খুনলাই
নামৰ দুজন ভাই-ককাই৷ খুনলুঙে ভায়েকক মুঙ-খু-মঙ্-য়াও নামৰ পৃথক ৰাজ্য এখন
প্ৰতিষ্ঠা কৰি দি নিজে মুঙ-ৰি-মুং-ৰামৰ ৰজা হয়৷
খুনলাই প্ৰতিষ্ঠা কৰা মুঙ-ৰি-মুং-ৰাম ৰাজ্যৰে
চাও-চাং-মুনৰ পুত্ৰ চাও-চাং-ন্যেউৱে দক্ষিণ দিশৰ ৰাজ্য মাও-লুং জয় কৰিবলৈ যুদ্ধ
যাত্ৰা কৰে৷ কিন্তু যুদ্ধৰ বাবে প্ৰস্তুত নথকাত মাও-লুঙৰ ৰজা খুন-পাং-খামে নিজ
ভনীয়েক নাং-ম'ঙব্লক-খাম-চেউক চাও-চাং-ন্যেউলৈ বিয়া দি
সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়৷ পিছত চাও-চাং-ন্যেউক মাও-লুঙৰ কৰতলীয়া ৰজা পাতি চাও-ফা
(ৰজা) উপাধি দিয়ে৷ নাং-ম'ঙব্লক-খাম-চেউক গৰ্ভত চাও-চাং-ন্যেউৰ
তিনি সন্তানৰ জন্ম হয়৷ ছুজৎ ফা, ছুখাম-ফা আৰু কনিষ্ঠ চুকাফা৷ চুকাফাৰ
জন্মৰ আগতে মাক আহি পিতৃগৃহত আছিল বাবে পুঠায়েকৰ ঘৰতে চুকাফাৰ জন্ম হৈছিল৷
চুকাফাই ১৯ বছৰ কাল নিছায়েক খুন-পাং-খামৰ ঘৰত আছিল আৰু জন্মৰ পৰা চফল ডেকা
বয়সলৈকে পিতৃৰ ৰাজ্যলৈ যোৱা নাছিল৷ ১২২০ চনত খুন-পাং-খামৰ মৃত্যু হোৱাত তেওঁৰ দুই
পুত্ৰই পেহাক চাও-চাং-ন্যেউৰ ৰাজ্য অধিকাৰ কৰে৷ এই যুদ্ধত চুকাফাৰ ডাঙৰ ককায়েক
ছুজৎ ফাক বধ কৰা হয়৷ পিছত মাও-লুংৰ ৰজাই চুকাফাক ম'ঙ-মিৎ-কুপ-ক্লি-নয়ৰ
ৰজা নিয়োগ কৰে৷ এনেদৰে তলতীয়া ৰজা হিচাপে ১৮ বছৰ কাল থকাৰ পিছত এখন স্বাধীন
ৰাজ্যৰ কথা ভাবি চুকাফাই গোপনে যা-যোগাৰ আৰম্ভ কৰে৷ এই সময়তে জুন-লুং নামৰ আন এখন
ৰাজ্য জয় কৰিবৰ বাবে মাও-লুঙৰ ৰজা ছু-খান-ফাই চুকাফাক সহায় কৰিবলৈ আমন্ত্ৰণ
জনালে৷ কিন্তু চুকাফাই সহায় নকৰাত তেওঁক বন্দী কৰিবলৈ আগবাঢ়ি আহিল৷ কিন্তু
চুকাফাই নিজৰ মাতুল পক্ষীয় ভাইৰ লগত যুদ্ধ নকৰি ৰাজ্য ম'ঙ-মিৎ-কুপ-ক্লি-নয়
পৰিত্যাগ কৰে আৰু নতুন ঠাইৰ সন্ধানত যাত্ৰা কৰে ।
অসমলৈ আগমন
চুকাফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত
প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়৷ স্বৰাজ্য
এৰি অহাৰ সময়ত চুকাফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত
ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা
আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন
কোঁৱৰ,, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল৷ লগতে ১২,০০০
সৈনিক, ৩,০০০ ঘোঁৰা, খাম, পেং
নামৰ এটা দঁতাল হাতী, এজনী মাখুন্দী হাতী আৰু এবিধ খাৰ-বাৰুদৰ হিলৈ
আনিছিল৷ ককায়েক ছু-খাম-ফাই চুকাফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশে থকা দেশখন জয়
কৰিবলৈ পৰামৰ্শ দিয়ে৷ চুকাফাই মাকৰ লগত নিছায়েকৰ ৰাজ্যত থাকোতেই নিছায়েকৰ পুত্ৰ
কোঁৱৰ চাম-লুং-ফাই সৌমৰপীঠলৈ যুদ্ধাভিযান চলাই ১২১৫ খ্ৰীষ্টাব্দত মণিপুৰ আৰু
কাছাৰৰ কিছু অংশ অধিকাৰ কৰিছিল৷ এই অভিযানৰ বিষয়ে চুকাফাই সকলোখিনি জানিছিল৷
সেয়ে তেওঁ সৌমাৰ বা মুহ-দুন-চুন-খাম জয় কৰাটোকে নিশ্চিত কৰে৷ সেয়ে চুকাফাই নৰা
ৰাজ্যৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহে৷
চুকাফাৰ অৱদান
স্বৰ্গদেউ চুকাফাই টাই
মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত
উৎসাহ যোগাইছিল৷ এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ
ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল৷ চুকাফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা৷ স্বৰ্গদেউ চুকাফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু
দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব
পাৰি৷ তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি
সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি
দিছিল৷ লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ
সুবিধা প্ৰদান কৰি দিছিল৷ যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু
বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই
উপাধি লাভ কৰিছিল৷ সাতৰাজ মাৰি একৰাজ কৰা চাওলুং চুকাফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক৷
১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই
সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি
উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে৷ টি-পামত
চুকাফাই ৩ বছৰ কাল থাকে৷ ইয়াৰ পিছত অভয়াপুৰীলৈ আহি তিনি বছৰ থাকেহি৷ ইয়াৰ পৰা শ'লগুৰি
আৰু হাবুঙলৈ আহে৷ হাবুঙত বানপানীয়ে আমনি দিয়াত দিহিং নৈৰে ভটিয়াই গৈ দিখৌমুখ
পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত
উপস্থিত হয়৷ চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ৷ ইয়াত কিছু
দিন থাকি চুকাফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা
স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে৷ পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা
পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়৷ এই ওখ ৰাজধানীখনৰ নাম দিয়ে
চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত)
অৰ্থাত পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ৷ পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত
হয়৷ অতি বীৰত্ব আৰু বিচক্ষণতাৰে চুকাফাই ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল
আহোম সাম্ৰাজ্যৰ পাতনি মেলে ৷
১২৬৮ চনত চুকাফাৰ মৃত্যু হয়।
Comments
Post a Comment