ৰোহিঙ্গা বিদ্ৰোহ আৰু বাৰ্মা ১

ৰোহিঙ্গা বিদ্ৰোহ আৰু বাৰ্মা 

ৰোহিঙ্গা বিদ্ৰোহ আৰু বাৰ্মা
পশ্চিম ম্যানমাৰ ৰোহিঙ্গা বিদ্ৰোহ উত্তৰ ৰাখাইন ৰাজ্যৰ চলি থকা বিদ্ৰোহ হয় (আৰাকান বুলিও পৰিচিত) । ম্যানমাৰ ৰোহিঙ্গাৰ সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত । বাংলাদেশ সীমান্তবৰ্তী মংডু জিলাত সর্বাধিক সংঘৰ্ষ হৈছে ।
১৯৪৭ চনৰ পৰা ১৯৬১ চনলৈ স্থানীয় মুজাহিদিন আৰু চৰকাৰী বাহিনীৰ মাজত সংঘৰ্ষ চলে । ৰোহিঙ্গা জনবহুল উত্তৰৰ ৰাখাইন ৰাজ্যৰ মায়ু উপদ্বীপ অঞ্চলক ম্যানমাৰৰ পৰা বিচ্ছিন্ন কৰি পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত আনিব খুজিছিল । ১৯৫০-১৯৬০ দশকৰ পৰা স্থানীয় মুজাহিদিনৰ ভেটি দুৰ্বল হবলৈ ধৰে, আৰু মূজাহিদিনৰ নেতা সকলে চৰকাৰী পক্ষৰ আগত আত্মসমৰ্পণ কৰিবলৈ ধৰে ।
মুজাহিদিন বিচ্ছিন্নতাবাদী আন্দোলন (১৯৪৭-১৯৭০)
মে ১৯৪৬ চনত ৰাখাইন ৰাজ্যৰ (আৰাকান) মুছলিম নেতাই পাকিস্তানৰ প্ৰতিস্থাপক মহম্মদ আলি জিন্নাক লগ ধৰে, আৰু অনুস্থানীক ভাবে মায়ু অঞ্চলৰ পৰা দুখন চহৰ, বুঠিডওঙ আৰু মওঙডীওক পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত চামিল হবলৈ কৈ । আকিয়ুবৰ দ্বাৰা দুই মাহ পিচত,  উত্তৰ আৰাকানত মুছলিম লীগ প্ৰতিষ্ঠিত হয় (বৰ্তমান চিটউই, ৰাখাইন ৰাজ্যৰ ৰাজধানী) তেওঁলোকেও পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত চামিল হব ইচ্ছা প্ৰকাশ কৰে ।
নৱগঠিত স্বাধীনতাৰ পৰবৰ্তী চৰকাৰে, এখন পৃথক স্বায়ত্বশাসন অথবা মুছলিম ৰাষ্ট্ৰ দিব অস্বীকাৰ কৰে বা পূৱ পাকিস্তানৰ লগত চামিল হব নিদিলে । স্থানীয়় মুজাহিদিন পৰবৰ্তীকালত বার্মিচ চৰকাৰৰ উপৰত জিহাদ ঘোষণা কৰে আৰু স্থানীয় চৰকাৰী বিষয়া, সামৰিক অৰ্ধ-সামৰিক বাহিনীক আক্ৰমণ কৰিব ধৰে । নৱগঠিত মুজাহিদিন আন্দোলনৰ নেতৃত্ব দিছিল আব্দুল কাছেম নামে এজন স্থানীয় নেতাই ।

মুজাহিদৰ আক্ৰমণৰ ফলত নবেম্বৰ ১৯৪৮ চনত চৰকাৰে ইয়াতে সামৰিক আইন প্ৰবৰ্তন কৰে আৰু মুজাহিদীনে উত্তৰ ৰাখাইন ৰাজ্যৰ বিশাল এলাকা জুৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈ আৰু ৰাখাইনৰ স্থানীয় বাসিন্দাই পলাব ধৰে তাৰে কিছু বাংলাদেশলৈ পলাই যায় জুন ১৯৪৯ লৈ বাৰ্মিজ চৰকাৰে এই, অঞ্চলত নিয়ন্ত্ৰণ কৰিব সক্ষম হৈ । ইপিনে মুজাহিদিনে প্রায় সকোলো উত্তৰ ৰাখাইন ৰাজ্য দখল কৰিছিল পঞ্চম ব্যেটেলিয়ন বাৰ্মা ৰাইফলছ আৰু দ্বিতীয়  ছিন ব্যোটেলিয়ন  এই অঞ্চলত পঠাই অঞ্চলতো মুক্ত কৰাৰ বাবে । বহু সপ্তাহ ধৰি দুয়ো পক্ষৰ সংঘৰ্ষ চলে আৰু চৰকাৰী সৈন্য বাহিনীয়ে  মুজাহিদীনৰ পৰা অঞ্চলতো খালি কৰিবলৈ সক্ষম হয় মুজাহিদবোৰ জাঙ্গলৈ পলাই যায় ।
চৰকাৰে ভাবে, স্বাধীনতাৰ পাছত মুজাহিদবোৰে পূব পাকিস্তানৰ (বাংলাদেশ) পৰা অবৈধ অনুপ্ৰৱেশকাৰীক মুজাহিদৰ দখলত থকা ৰাখাইন অঞ্চলত আহিবলৈ উদগনি জনাইছিল, এই দাবি বহু দশক ধৰি বিতৰ্কিত হয় থাকে আৰু ইয়াৰ দ্বাৰা ৰহিঙ্গিয়াৰ বাসিন্দাৰ নাগৰিকত্বৰ প্ৰতি প্ৰশ্নৰ উদ্ভৱ হয়
মুজাহিদি বিৰুদ্ধে সামৰিক অভিযান
১৯৫০ চনৰ পৰা চনৰ ভিতৰত টাতমাডো (বাৰ্মা/ম্যানমাৰ আৰ্মড ফৰ্চ) উত্তৰ ৰাখাইন ৰাজ্যত থকা অৱশিষ্ট মুজাহিদৰ বিৰুদ্ধে কিছু সামৰিক অভিযান আৰম্ভ কৰে । প্ৰথম সামৰিক অভিযান মাৰ্চ ১৯৫০ চনত আৰম্ভ কৰে, অক্টোবৰ ১৯৫২ চনত অপাৰেচন মায়ু  নামে এটি দ্বিতীয়় অভিযান চলাই । সফল অভিযানৰ ফলত বহু মুজাহিদি নেতাই অস্ত্ৰ সম্বৰণ কৰে আৰু চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ মান্তি হয় । 

Comments

Popular posts from this blog

সমাজবাদ অৰ্থনৈতি আৰু সাম্যবাদ বা কমিউনিজম অৰ্থনীতি

চাওলুং চুকাফা

নক্সাল আৰু নক্সালবাৰী