প্ৰাচীন ভাৰতৰ সাংবিধানিক শাসন-প্ৰণালী !!
এখন দেশৰ সংবিধানৰ সৌধটো সদায় তাৰ অতীতৰ ভেটিটোৰ
ওপৰতহে গঢ়ি তোলা হয় । সেয়েহে, বৰ্ত্তমান কাৰ্য্যকৰী হৈ থকা কোনো সংবিধানৰ কথাবোৰ
ভালকৈ বুজিবলৈ হলে তাৰ পটভূমি আৰু ইতিহাস জনাটো বৰ প্ৰয়োজনীয় কথা ।
প্ৰাচীন ভাৰতৰ সাংবিধানিক শাসন-প্ৰণালী !!
গণতন্ত্ৰ, প্ৰতিনিধিমুলক অনুষ্ঠান, শাসকসকলৰ
মইমতালি বা স্বেচ্ছাচাৰী ক্ষমতাৰ ওপৰত অংকুশ আৰু বিধিৰ শাসন (Rule of Law) আদি ধাৰণাবোৰ
প্ৰাচীন ভাৰতৰ কাৰণে মুঠেই অচিনাকি নাছিল । ধৰ্মৰ সৰ্ব্বোচ্চতাৰ ধাৰণাটো বিধিৰ
শাসন বা নিয়ন্ত্ৰিত চৰকাৰৰ ধাৰণাতকৈ একো বেলেগ নাছিল । প্ৰাচীন ভাৰতৰ শাসকসকল সদায়
ধৰ্মৰ বান্ধোনেৰে বান্ধ খাই আছিল । কোনেও ধৰ্মৰ উলংঘন কৰিব নোৱাৰিছিল । সেই
প্ৰাচীন ভাৰতৰ অনেক ঠাইতে গণতান্ত্ৰিক শাসন ব্যৱস্থা, “প্ৰতিনিধিত্বমুলক বিবেচনা-মঞ্চ‘” আৰু
স্থানীয় প্ৰশাসন ব্যৱস্থাবোৰ বিদ্যমান আছিল তাৰ ভূৰি ভূৰি প্ৰমাণ পোৱা যায় । বৈদিক
যুগৰপৰা (খ্ৰী. পু. ৩০০০-১০০০) প্ৰাচীন ভাৰতৰ মানুহৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত
গণতান্ত্ৰিক চিন্তাধাৰা আৰু প্ৰথাৰ প্ৰাধান্য দেখা গৈছিল ।
ঋগবেদ আৰু অথৰ্ব্ববেদত “সভা“ (সাধাৰণ সভা) আৰু “সমিতি‘ (বয়োজ্যেষ্ঠ সকলৰ
সভা)-এই দুটাৰ উল্লেখ আছে । ‘আত্ৰেয় ব্ৰাহ্মণ”, পাণিনিৰ “অষ্টাধ্যায়ী” কৌটিল্যৰ “অৰ্থশাস্ত্ৰ”, “মহাভাৰত” অশোক স্তম্ভ সমূহত খোদিত শিলালিপিবোৰ,
সেই সময়ৰ বৌদ্ধ তথা জৈন গ্ৰন্থসমূহ আৰু মনুস্মৃতি”- এই আটাইবোৰেই এই কথাটোৰেই সাক্ষ্য বহন
কৰি আছে যে ভাৰতীয় ইতিহাসৰ বৈদিকোত্তৰ কালছোৱাতো অনেক সক্ৰিয় গণৰাজ্য বিদ্যমান
আছিল । বিশেষকৈ মহাভাৰতৰ পিছত বিশাল সাম্ৰাজ্যসমূহৰ ঠাইত অনেক সৰু সৰু গণৰাজ্য গঢ়
লৈ উঠিছিল । জাতকসমূহত এনে ধৰণৰ বহুতো কথাৰ উল্লেখ আছে যাৰ পৰা, এনে গণৰাজ্যসমূহে
কেনেকৈ কাম চলাইছিল তাৰ উমান পোৱা যায় । তাৰ সদস্যসকল সন্থাগাৰত সমবেত হৈছিল ।
মুকলি গণ-সভাত প্ৰতিনিধিসকলক নিৰ্বাচিত কৰা হৈছিল । তেওঁলোকে তেওঁলোকৰ মাজৰ পৰাই
এজন “গোপ” বাচনি কৰিছিল । তেঁৱেই ৰজা হৈছিল আৰু
এখন মন্ত্ৰী পৰিষদৰ সহায়ত তেঁৱেই শাসনকাৰ্য পৰিচালনা কৰিছিল ।
খ্ৰীষ্টপূৰ্ব চতুৰ্থ
শতিকাত “ক্ষুদ্ৰক মল্ল
সংঘ” নামৰ এখন
গণতান্ত্ৰিক পৰিসংঘীয় “ৰাজ্যই” দৃঢ়তাৰে আলেকজেণ্ডাৰক বাধা প্ৰদান
কৰিছিল । পাটলিপুত্ৰৰ (পাটনা) ওচৰত আছিল লিচ্ছৱীসকলৰ ৰাজধানী বৈশালী । সেইখনো এখন
গণৰাজ্য আছিল । এক গণ-সভাই তাৰ শাসনকাৰ্য্য পৰিচালনা কৰিছিল । ইয়াৰ এজন নিৰ্বাচিত
অধ্যক্ষ আছিল আৰু তেওঁক “নায়ক” বোলা হৈছিল । দুৰ্ভাগ্যবশতঃ এই
গণৰাজ্যবোৰৰ সংবিধানবিলাকৰ বিষয়ে বৰ বেছি একো জনা নাযায় । গ্ৰীক পণ্ডিত “মেগাস্থিনিছে”, সেই কালৰ এনেকুৱা কিছুমান
জন-নিৰ্বাচিত সভাৰ বিশদ বিৱৰণ দি থৈ গৈছে । সেইমতে তেনেকুৱা জন-নিৰ্বাচিত সভাৰ
প্ৰচলন দক্ষিণ ভাৰতত আছিল, এই জন-সভাবোৰে বজাৰ ক্ষমতাৰ ওপৰত কিছুমান বাধানিষেধ
আৰোপ কৰিব পাৰিছিল । কৌটিল্যৰ অৰ্থশাস্ত্ৰতো এই কথাৰ উল্লেখ আছে যে প্ৰাচীন ভাৰতীয়
শাসন ব্যৱস্থাত স্বেচ্ছাচাৰী শাসন বা ৰজাৰ দৈৱিক অধিকাৰৰ স্থান নাছিল । সেই কালত
ভাৰতত ৰজাৰ ক্ষমতাৰ ওপৰত এনেকুৱাকৈ কিছুমান প্ৰতিবন্ধকতা আৰোপ থোৱা হৈছিল যাতে
তেওঁ কেতিয়াও ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নোৱাৰে, অন্যান্য লোক-অধিকাৰী বা
জনস্বাৰ্থৰক্ষাকাৰীৰ অধিকাৰৰ দ্বাৰাই তেওঁৰ অধিকাৰ নিয়ন্ত্ৰিত হৈছিল । তেওঁ
দৰাচলতে এজন সীমিত-অধিকাৰ-সম্পন্ন সাংবিধানিক ৰজাহে আছিল । মনুৰ সতে কুকুৰ বলিয়া
হলে যেনেকৈ তাক মাৰি পেলোৱা হয় তেনেকৈ অন্যায়ী আৰু অত্যাচাৰী ৰজাকো তেওঁৰ প্ৰজাগণে
মাৰি পেলোৱা উচিত । দশম শতিকাত শুক্ৰাচাৰ্য্যই “নীতিসাৰ”
বুলি যিখন পুথি ৰচনা কৰিছিল সেইখন আছিল সংবিধানৰ বিষয়ে লিখা পুথি । সেই পুথিত কেন্দ্ৰীয়
চৰকাৰৰ সংগঠন আৰু গ্ৰামীণ তথা নগৰীয়া জীৱন, ৰজাৰ পৰিষদ আৰু চৰকাৰৰ বিভিন্ন
বিভাগবোৰৰ কথা ভাগে ভাগে বৰ্ণনা কৰা হৈছে । সেইমতে ৰজাই সদায় গৰিষ্ঠসংখ্যক জনসাধাৰণৰ
মতামতৰ আধাৰতহে শাসন কাৰ্য্য পৰিচালনা কৰিব লাগিছিল ।
Comments
Post a Comment