অসমীয়াৰ অস্তিত্ব আৰু অবৈধ বাংলাদেশী
অসমীয়াৰ অস্তিত্ব আৰু অবৈধ বাংলাদেশী!!
জাতীয় অস্তিত্বই যদি সংকটৰ গৰাহত পৰে, তাৰ সমান্তৰালকৈ ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতিৰ ভেটিও আনৰ অধীনলৈ যোৱাৰ পথ প্ৰশস্ত হৈ উঠে৷ তাৰে জলন্ত উদাহৰণ আমাৰ কাষৰীয়া ৰাজ্য ত্ৰিপুৰা । বঙালী যি ধৰ্মৰ নোহোঁৱক, তেওঁলোকে নিজৰ ভাষা, নিজৰ সংস্কৃতি নেৰে । খিলঞ্জীয়া অসমবাসীৰ ক্ষেত্ৰতো আজি সেয়াই হ’বলৈ গৈ আছে৷ সমগ্ৰ ভাৰতৰ হৈ মানবীয় দৃষ্টিভংগীয়ে ১৯৭১ চনৰ আগতে অহা লাখ লাখ হিন্দু-মুছলমানৰ বোজা অসমে অকলে বহন কৰি থৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত অসমৰ জনগোষ্ঠীয় ভাৰসাম্যত ইতিমধ্যেই বিসংগতিৰ সৃষ্টি হৈছে আৰু খিলঞ্জীয়াৰ প্ৰভুত্বৰ প্ৰতি সকলো দিশৰ পৰাই ভাবুকি নামি আহিছে৷ খিলঞ্জীয়াৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ থৰক-বৰক হৈছে৷ এতিয়া আকৌ যদি ৭১ চনৰ পাছত অহা বিদেশীৰ বোজাও অসমেই ল’ব লাগে, তেন্তে এইটো নিশ্চিত যে অসমত খিলঞ্জীয়া অসমীয়া মানুহৰ পৰিচয়, প্ৰভুত্ব, আত্মনিয়ন্ত্ৰণ আৰু অস্তিত্ব সৰ্বকালৰ কাৰণেই নিঃশেষ হৈ যাব৷ আমি অসমীয়াই নিজে নিজক সুৰক্ষা কেতিয়াও দিব পৰা নাই, আমাক বেলেগে আহি উদ্ধাৰ কৰিব লাগে । ব্ৰিটিচ আহি আমাক মানৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰিলে । ব্যাপ্তিষ্ট মিশনাৰী আহি আমাৰ ভাষা উদ্ধাৰ কৰিলে, আৰু কিমান ? মানক আনিছিল অসমীয়াই, আজি অসমীয়াৰ জাতীয় নায়কে বাংলাদেশী অনাৰ যো যা কৰিছে, আৰু আমি অসমীয়াই দেখিও নেদেখাৰ ভাও ধৰিছোঁ বুজিও নুবুজাৰ ভাও ধৰিছোঁ । দেশ-জাতি যোৱাক ৰসাতলে, আমি মাত্ৰ নিজৰ স্বাৰ্থ সুৰক্ষা কৰি আছো । অসম আন্দোলনৰ সময়ত অসমৰ খিলঞ্জীয়া লোক সকলে নিজৰ অস্তিত্ব সুৰক্ষাৰ কাৰণে অবিৰত সংগ্ৰাম কৰিছিল যদিও তাৰ ন্যায্যতা পাবলে সক্ষম নহ’ল ৷ কিন্তু আজিৰ কিছু নেতাই দেশ-জাতিৰ লগতে ধৰ্মীয় আবেগ ৰাইজৰ মাজত সুমুৱাই দি নিজৰ তুচ্ছ ৰাজনীতি কৰি আছে । আহোমে গঢ়া অসমীয়া সমাজ আজি বহু ভাগত বিভক্ত, আজি অসমীয়াৰ সংজ্ঞা ধৰ্মক লৈ নিৰ্ধাৰণ কৰে । আমি জন্মৰ পৰা নেদেখা কিছুমান সংস্কৃতি অসমৰ চুকে কোনে সুমাই গৈছে আৰু আমি নিজৰ সংস্কৃতি এলাগি কৰিছোঁ, এইয়া এটা জাতিৰ মৃত্যু ঘন্টা । আমি ইতিহাস পাহৰিব ধৰিছোঁ কিছুমান মিছা ইতিহাস আকোৱালি লৈছোঁ । আমি নিজৰ বিবেক-বুদ্ধিক কাৰোবাৰ হাতত উঠাই দিছোঁ, কাৰণ আমি বিনা কষ্টত আজিৰ অসমীয়া জাতিতো পাইছোঁ ইয়াৰ মূল্য আমি বুজি নাপাওঁ । যেনেকৈ কিছুমানে বিনা পৰিশ্ৰমে পোৱা পিতৃক সম্পতিৰ মূল্য নাথাকে, তেনেকৈ আমি বিনা কষ্টত পোৱা সমাজৰ মূল্য আমাৰ মনত নাই । আজিকালি সমাজত নতুনকৈ ধৰ্মৰ গোড়ামি বৃদ্ধি হৈছে, মুছলমান সমাজ নিজক লৈ ব্যস্ত, হিন্দু সমাজ নিজক লৈ ব্যস্ত অসমীয়া বুলিব আজি কোনো নাই ।অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্য এখনৰ ওপৰত বিদেশী জাপি দিব বিচাৰিছে৷ ইয়াতকৈ অসমীয়া ধ্বংসৰ গভীৰ ষড়যন্ত্ৰ আন একো থাকিব নোৱাৰে৷ এই আইনখন গৃহীত হোৱাৰ লগে লগে বাংলাদেশৰ উপৰিও আন কাষৰীয়া বিদেশী ৰাষ্ট্ৰৰ পৰাও যে অমুছলমান ধৰ্মীয় সংখ্যালঘুৰ সোঁত অসমলৈ বব তাত সন্দেহ নাই৷ তদুপৰি, আইনখন গৃহীত হ’লে বহু প্ৰত্যাশিত শুদ্ধ এন আৰ চিৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটোও বুমেৰাঙত পৰিণত হ’ব৷ উচ্চতম ন্যায়ালয়েও সন্দেহ প্ৰকাশ কৰিছে যে অসমলৈ আজিৰ হাৰত অবৈধ অনুপ্ৰবেশ অব্যাহত থাকিলে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব বিলোপ হ’বলৈ বেছি দিন ৰ’ব নালাগিব৷ অপ্ৰিয় হ’লেও সত্য যে ইতিমধ্যে অসমৰ ৯ খন জিলা অবৈধ অনুপ্ৰবেশৰ কবলত পৰি অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি পাইছে আৰু খিলঞ্জীয়াৰ প্ৰভূত্ব বিলুপ্তি ঘটিছে৷
Comments
Post a Comment