নক্সাল আৰু নক্সালবাৰী
নক্সাল আৰু নক্সালবাৰী নক্সাল আন্দোলন , এটি কমিউনিষ্ট আন্দোলনৰ নাম । বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নক্সালবাৰী পৰা আৰম্ভ় হয় লাহে লাহে ছত্তীশগড়় (তদানীন্তন মধ্যপ্ৰদেশ) আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে । ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল । নক্সাল বা নক্সালবাদী কলে উগ্ৰ বামপন্থী দলবোৰক বুজোৱা় হয় । এই দলৰ জন্ম হৈছিল চিন-ছোভিয়েত( Sino-Soviet split) ভাঙনৰ সময়ত । মতাদৰ্শগত ভাবে এওঁলোক মাও সে তুং ’ ৰ পদাঙ্ক অনুসৰণকাৰী । নক্সাল আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ পশ্চিমবঙ্গত । লাহে লাহে ভাৰতৰ অনুন্নত অঞ্চলসমূহত যেনে: ছত্তিছগড়় , অন্ধ্ৰপ্ৰদেশ , ইত্যাদি ৰাজ্যৰ প্ৰান্তিক এলাকাসমূহত বিয়পি পৰে । এওঁলোক মাৰ্ক্সবাদী এবং লেনিনবাদত বিশ্বাসী , এবং ২০০৪ সালে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাওবাদী) নামৰ দল প্ৰতিষ্ঠা কৰে আৰু নিজৰ কাৰ্যকলাপ প্ৰসাৰিত কৰে । ভাৰতৰ প্ৰায় ৪০% অঞ্চলত সিঁহতৰ কাৰ্যক্ৰম বাঢ়িব ধৰে , বিশেষ কৰি “ ৰেড কৰিডোৰ ” অঞ্চলত প্ৰায় ৯২০০০ বর্গ কিলোমিটাৰ এলাকা জুৰি সিহঁতৰ তৎপৰতা চলিব ধৰে । ভাৰতৰ চৰকাৰী চোৰাংচোৱা সংস্থা “ ৰিচাৰ্ছ এন্ড এনালাইচিং উইং ” (“ ৰ ”) ৰ অনুযায়় প্ৰা...