অসমীয়াৰ অস্তিত্ব আৰু অবৈধ বাংলাদেশী
অসমীয়াৰ অস্তিত্ব আৰু অবৈধ বাংলাদেশী!! জাতীয় অস্তিত্বই যদি সংকটৰ গৰাহত পৰে, তাৰ সমান্তৰালকৈ ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতিৰ ভেটিও আনৰ অধীনলৈ যোৱাৰ পথ প্ৰশস্ত হৈ উঠে৷ তাৰে জলন্ত উদাহৰণ আমাৰ কাষৰীয়া ৰাজ্য ত্ৰিপুৰা । বঙালী যি ধৰ্মৰ নোহোঁৱক, তেওঁলোকে নিজৰ ভাষা, নিজৰ সংস্কৃতি নেৰে । খিলঞ্জীয়া অসমবাসীৰ ক্ষেত্ৰতো আজি সেয়াই হ’বলৈ গৈ আছে৷ সমগ্ৰ ভাৰতৰ হৈ মানবীয় দৃষ্টিভংগীয়ে ১৯৭১ চনৰ আগতে অহা লাখ লাখ হিন্দু-মুছলমানৰ বোজা অসমে অকলে বহন কৰি থৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত অসমৰ জনগোষ্ঠীয় ভাৰসাম্যত ইতিমধ্যেই বিসংগতিৰ সৃষ্টি হৈছে আৰু খিলঞ্জীয়াৰ প্ৰভুত্বৰ প্ৰতি সকলো দিশৰ পৰাই ভাবুকি নামি আহিছে৷ খিলঞ্জীয়াৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ থৰক-বৰক হৈছে৷ এতিয়া আকৌ যদি ৭১ চনৰ পাছত অহা বিদেশীৰ বোজাও অসমেই ল’ব লাগে, তেন্তে এইটো নিশ্চিত যে অসমত খিলঞ্জীয়া অসমীয়া মানুহৰ পৰিচয়, প্ৰভুত্ব, আত্মনিয়ন্ত্ৰণ আৰু অস্তিত্ব সৰ্বকালৰ কাৰণেই নিঃশেষ হৈ যাব৷ আমি অসমীয়াই নিজে নিজক সুৰক্ষা কেতিয়াও দিব পৰা নাই, আমাক বেলেগে আহি উদ্ধাৰ কৰিব লাগে । ব্ৰিটিচ আহি আমাক মানৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰিলে । ব্যাপ্তিষ্ট মিশনাৰী আহি আমাৰ...