জ্যোতিপ্ৰসাদ আগৰৱালা
জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণত
ৰাজস্থানৰ টাই গাঁৱৰ সোণ বৰণীয়া শৈশৱ অতিক্ৰম কৰা দিনচেৰেকো হোৱা
নাছিল— নৱৰংগ আহি যথাৰ্থ অৰ্থতেই এখন ভয়ংকৰ অৰণ্যত প্ৰৱেশ কৰিলেহি । হাতত মূলধন নহ’লেও মনত দৃঢ়তা আৰু
অফুৰন্ত সাহস – যি সাহসৰ উপাদান যোগাইছিল তেওঁৰ মাক আৰু আইতাকে । টাই গাঁৱতে মাক
আৰু আইতাকক এৰি পোনতে তেওঁ বাৰানসীত উপস্থিত হৈছিল । তাৰ পৰা তেওঁ মিৰ্জাপুৰলৈ
আহিল । মিৰ্জাপুৰৰ পৰা মুৰ্চিদাবাদ । বাৰানসীত তেওঁ দৰ্শন কৰিছিল বিখ্যাত বিশ্বনাথ
মন্দিৰ । আৰু তাতেই গম পাইছিল – আৰু এক বিশ্বনাথ মন্দিৰ আছে অসমত । ব্ৰহ্মপুত্ৰৰ
উত্তৰ পাৰে । আৰু বোধহয় সেই বিশ্বনাথ মন্দিৰৰে দৰ্শনৰ পৰিকল্পনাৰে তেও ইয়াণ্ডাবু
সন্ধিৰ দুবছৰৰ পাচত ব্ৰহ্মপুত্ৰৰ পাৰত ভৰি দিলে । সেই সময়ত বিশ্বনাথ মন্দিৰৰ
দৰ্শনৰ বাদে অইন উদ্দেশ্যৰে তেওঁ অসমলৈ অহা নাছিল । কিন্তু অসমলৈ আহি তেওঁ উভতি
যাব নোৱাৰিলে । পোণতে অসম সুমায়েই নৱৰংগই গোৱালপাৰাৰ গোলাত কাম কৰিছিল । তাৰ
পাছতহে বিশ্বনাথ ঘাটলৈ আহে । ওঠৰশ ত্ৰিশ চনত নৱৰংগই বিশ্বনাথ মন্দিৰ দৰ্শন কৰে ।
অসমে উভতি যাৱ নিদিয়াত বিশ্বনাথ ঘাটতে থাকিবলৈ মনস্থ কৰে । বিশ্বনাথ ঘাটত থকা
গোলাতে তেও গোমোস্তা হৈ সোমাই ।
নবৰংগ আছিল উচ্চভিলাষী লোক । তেওঁৰ উচ্চভিলাষী
তেওঁক অসমীয়া জাতিটোৰ ওচৰলৈ লৈ আহিছিল । তীব্ৰ ব্যক্তিত্ব আৰু সাংসাৰিক বুদ্ধিয়ে
তেওঁক একৈশ বছৰ বয়সতেই মোহনীয় চৰিত্ৰৰ অধিকাৰী কৰিছিল । তেওঁ বুজি উঠিছিল যিহেতু
তেওঁ অসমত খোপনি পুতিলেই, সেই খোপনি দৃঢ় হব লাগিব । সেই সময়ত অসমত আছিল স্বৰ্গদেউ
পুৰন্দৰ সিংহ । বল বীৰ্যহীন হলেও ৰজা । তেওঁ ভৰি দিয়া ৰাজ্যখনত তেওঁৰ খোপনি সুদৃঢ়
কৰাটো এটা অপৰিহাৰ্য কাম আছিল । তেওঁ ৰজাৰ কাষ চাপিবৰ বাবে থলুৱা লোকৰ সহায় লৱ
লাগিব, আৰু থলুৱা লোকৰ মন পাবলৈ তেওঁলোকৰ লগত বিলীন হব লাগিব ।
কি উপায় ? নৱৰংগই পুৰুষ সুলভ উপায় চিন্তা কৰি উলিয়ালে । তেও তিলক নামৰ আহোম
যুৱক এজনৰ সতে সখি পাতিলে । নলে গলে লগা সখি । সখিৰ ভনীয়েক ৰূপৱতী সাদৰী । নৱৰংগ
এইজনী সাদৰীৰ প্ৰেমত পৰিল । কেৱল প্ৰেমৰ বাবে নহয়, প্ৰয়োজনৰ বাবে তেও সাদৰীক বিয়া
কৰাইছিল । তিলকক ভুলাই তেওঁ সাদৰীক বিয়া কৰালে । সাদৰীক বিয়া কৰোৱাৰ লগে লগেই
নৱৰংগ বৃহৎ অসমীয়া জাতিৰ অংশীদাৰ হৈ পৰিল । সেই সময়ত মণিৰাম দেৱান আছিল বিশ্বনাথত
। আহোম ছোৱালী বিয়া কৰোৱা ৰাজস্থানী যুৱকজন মণিৰামৰ চকুত পৰে । আৰু সম্ভৱতঃ ১৮৩৩
চন মানত মণিৰামে নৱৰংগক স্বৰ্গদেউ পুৰন্দৰ সিংহক চিনাকি কৰাই দিয়ে । পুৰন্দৰ সিংহ
স্বৰ্গদেৱে নৱৰংগক উত্তৰ পাৰে থকা হাটবোৰৰ হাট-খোৱা বিষয়া পাতে । উত্তৰ পাৰৰ
অসমীয়া সমাজে তেওঁক নাৰেঙীয়া কেঞা বুলিবলৈ লয়, আৰু নৱৰংগ নাৰেঙীয়া কেঞা হোৱাৰ লগে
লগেই ঘটনাক্ৰম নিজ গতিত আগবঢ়াবলৈ লয় । হাট-খোৱা বিষয় বাব পোৱাৰ আগতেই অৱশ্যে
নৱৰংগই গমিৰীৰ কুকুৰ মৰা হোলাৰ পশ্চিম দিশৰ ঘিণাই বৰডেকাৰ মাটিত এখন সৰু গোলা
বহুৱাইছিল । কালক্ৰমত সেই গোলাখনেই নাৰেঙীয়া কেঞাৰ গোলা বুলি অঞ্চলটোৰ ভিতৰতে এখন
বিখ্যাত গোলা হৈ পৰিল ।
কালক্ৰমত নৱৰংগৰ বন্ধুত্বৰ ক্ষেত্ৰখন বহল হ’বলৈ ধৰে । সেই সময়তে বলোৰাম বৰমুদৈ
নামৰ সমবয়সীয়া ডেকাজনৰ লগত নৱৰংগৰ চিনাকি হয়, আৰু সেই চিনাকি দুইজনৰ বন্ধুত্বলৈ
ৰূপান্তৰিত হয় । বিশেষতঃ সাদৰীৰ তেতিয়াও লৰা-ছোৱালী হোৱা নাছিল । বলোৰামে তেওঁক
কোঠাই চুক গাঁৱৰ পৰা দুই ক্ৰোশ মান পশ্চিমলৈ থকা গাঁও এখনৰ ধনাই নামৰ বেজ এজনৰ সন্ধান
দিছিল । নৱৰংগই তলে তলে ছোৱালী এজনীৰো বিচাৰ খোঁচাৰ কৰিছিল । সখিয়েক বলোৰামক
সেইকথাও কৈছিল । বলোৰামে তেওঁক সোণপাহিৰ সন্ধান দিয়ে । সোণপাহিক বিয়া কৰোৱাৰ পিছতে
প্ৰথমা পত্নী সাদৰী সন্তান সম্ভৱা হয়, আৰু ১৮৪২ চনত নৱৰংগৰ প্ৰথম পুত্ৰ হৰিবিলাসৰ
জন্ম হয় । হৰিবিলাসৰ পুত্ৰ পৰমানন্দ, পৰামানন্দৰ পুত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।
Comments
Post a Comment