জ্যোতিপ্ৰসাদ আগৰৱালা
জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণত ৰাজস্থানৰ টাই গাঁৱৰ সোণ বৰণীয়া শৈশৱ অতিক্ৰম কৰা দিনচেৰেকো হোৱা নাছিল— নৱৰংগ আহি যথাৰ্থ অৰ্থতেই এখন ভয়ংকৰ অৰণ্যত প্ৰৱেশ কৰিলেহি । হাতত মূলধন নহ ’ লেও মনত দৃঢ়তা আৰু অফুৰন্ত সাহস – যি সাহসৰ উপাদান যোগাইছিল তেওঁৰ মাক আৰু আইতাকে । টাই গাঁৱতে মাক আৰু আইতাকক এৰি পোনতে তেওঁ বাৰানসীত উপস্থিত হৈছিল । তাৰ পৰা তেওঁ মিৰ্জাপুৰলৈ আহিল । মিৰ্জাপুৰৰ পৰা মুৰ্চিদাবাদ । বাৰানসীত তেওঁ দৰ্শন কৰিছিল বিখ্যাত বিশ্বনাথ মন্দিৰ । আৰু তাতেই গম পাইছিল – আৰু এক বিশ্বনাথ মন্দিৰ আছে অসমত । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে । আৰু বোধহয় সেই বিশ্বনাথ মন্দিৰৰে দৰ্শনৰ পৰিকল্পনাৰে তেও ইয়াণ্ডাবু সন্ধিৰ দুবছৰৰ পাচত ব্ৰহ্মপুত্ৰৰ পাৰত ভৰি দিলে । সেই সময়ত বিশ্বনাথ মন্দিৰৰ দৰ্শনৰ বাদে অইন উদ্দেশ্যৰে তেওঁ অসমলৈ অহা নাছিল । কিন্তু অসমলৈ আহি তেওঁ উভতি যাব নোৱাৰিলে । পোণতে অসম সুমায়েই নৱৰংগই গোৱালপাৰাৰ গোলাত কাম কৰিছিল । তাৰ পাছতহে বিশ্বনাথ ঘাটলৈ আহে । ওঠৰশ ত্ৰিশ চনত নৱৰংগই বিশ্বনাথ মন্দিৰ দৰ্শন কৰে । অসমে উভতি যাৱ নিদিয়াত বিশ্বনাথ ঘাটতে থাকিবলৈ মনস্থ কৰে । বিশ্বনাথ ঘাটত থকা গোলাতে তেও গোমোস্তা হৈ সোম...